অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
বড়ো সাহিত্য সভালৈ ৫ কোটি টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ-কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত থকা সভাৰ স্ক্ৰীণত চলিল অশ্লীল ভিডিও-ঐতিহাসিক শিৱদৌল প্ৰাংগণত 'যোগ উৎসৱ'ৰ আয়োজন-১ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-৪৪ বিলিয়ন মাৰ্কিন ডলাৰত টুইটাৰ ক্ৰয় কৰিলে এলন মাস্কে-গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল

অন্ধ্ৰপ্ৰদেশৰ ২৪গৰাকী মন্ত্ৰীয়ে দাখিল কৰিলে পদত্যাগ পত্ৰ

0

এজন অথবা দুজন নহয় একেলগে ২৪জন মন্ত্ৰীৰ পদত্যাগ! যেতিয়া এনে ঘটনা সংঘটিত হয়, তেতিয়া সকলোৰে ধাৰণা হয় যে চৰকাৰ সংকটত পৰিব।  কিন্তু অন্ধ্ৰ প্ৰদেশৰ ক্ষেত্ৰত ই সম্পূৰ্ণ পৃথক। একে সময়তে অন্ধ্ৰ প্ৰদেশৰ ২৪ জন মন্ত্ৰীয়ে পদত্যাগ কৰিছে (Twenty-four ministers resign), কিন্তু ইয়াৰ আঁৰত সম্পূৰ্ণ বেলেগ কাৰণ আছে।

বৃহস্পতিবাৰে, মুখ্যমন্ত্ৰী ৱাইএছ জগন মোহন ৰেড্ডীয়ে (Andhra Pradesh Chief Minister YS Jagan Mohan Reddy) ৰাজ্যিক কেবিনেট ভংগ কৰে। ৭ এপ্ৰিলৰ আবেলি প্ৰায় ৩ বজাত কেবিনেট বৈঠক আহ্বান কৰা হৈছিল। বৈঠকৰ পিছত ২৪জন মন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ ওচৰত তেওঁলোকৰ পদত্যাগ পত্ৰ দাখিল কৰে। জানিব পৰা মতে, নতুন মন্ত্ৰীসকলে ১১ এপ্ৰিলত শপত গ্ৰহণ কৰিব।

সূত্ৰ অনুসৰি, নতুন কেবিনেটত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বিধায়কসকলক মন্ত্ৰিত্ব প্ৰদান কৰা হ’ব। ইয়াৰ উপৰি নতুন কেবিনেটত মহিলাসকলেও গুৰুত্ব লাভ কৰিব। সূত্ৰ অনুসৰি, মন্ত্ৰীপদৰ পৰা পদত্যাগ কৰাসকলক জিলাসমূহত চৰকাৰৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে নিযুক্তি দিয়া হ’ব।  কিছু পদত্যাগী মন্ত্ৰীয়ে দলীয় সংগঠনতো গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব পাৰে।

মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীয়ে বুধবাৰে সন্ধিয়া অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যপাল বিশ্বভূষণ হৰিচন্দনক সাক্ষাৎ কৰে। ৰাজ্যপালক সাক্ষাৎ কৰাৰ পিছত ৱাইএছআৰ কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে জনায় যে তেওঁ তেওঁৰ মন্ত্ৰীসভা ভংগ কৰিব বিচাৰে। জানিব পৰা মতে, মুখ্যমন্ত্ৰীয়ে ৮ এপ্ৰিলত পুনৰ এবাৰ ৰাজ্যপালক সাক্ষাৎ কৰিব পাৰে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালক সাক্ষাৎ কৰিব আৰু নতুন মন্ত্ৰীসকলৰ নামৰ তালিকা দাখিল কৰিব। নতুন মন্ত্ৰীসকলে ১১ এপ্ৰিলত নতুনকৈ শপত গ্ৰহণ কৰিব।

ৱাইএছআৰ কংগ্ৰেছে ২০১৯ চনত চন্দ্ৰবাবু নাইডুৰ তেলুগু দেশম পাৰ্টীক বৃহৎ প্ৰকাৰে পৰাজিত কৰি ক্ষমতালৈ আহিছিল। একে সময়তে জগনে কৈছিল যে চৰকাৰৰ মধ্যৱৰ্তী সময়ত ২০২৪ চনত ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ কৌশলগত কাৰণত তেওঁ মন্ত্ৰীসভা ৰদবদল কৰিব। তেওঁ এই পদ্ধতিটোৰ বাবে  যুক্তিও দিছিল।

তেওঁ কয় যে এই পদ্ধতি গ্ৰহণ কৰিলে সকলোৱে কাম কৰাৰ সুযোগ পাব আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰতিষ্ঠান বিৰোধী কাৰ্যকলাপ প্ৰতিৰোধ কৰাও সম্ভৱ হ’ব। মুখ্যমন্ত্ৰীয়ে সোমবাৰেই এক ভাৰ্চুৱেল বৈঠকৰ সৈতে ৰাজ্যখনৰ ১৩খন নতুন জিলালৈ বহু উন্নয়নমূলক আঁচনিৰ আবণ্টন দিছিল।

বৰ্তমান দক্ষিণৰ ৰাজ্যখনৰ মুঠ জিলাৰ সংখ্যা হৈছে ২৬ খন। তেওঁ কৈছিল যে জিলাবোৰ বিভাজন কৰিলে কামত সহায় হ’ব আৰু ৰাজ্যখনৰ মানুহেও তেওঁৰ এই সিদ্ধান্তক সমৰ্থন কৰিছিল।  এতিয়া ২০২৪ চনৰ নিৰ্বাচনত মন্ত্ৰীসভা ভংগ কৰি আৰু নতুন সদস্য মন্ত্ৰী কৰি ক্ষমতা বজাই ৰখাৰ ফৰ্মূলাই কিমান কাম কৰে সেইক্ষেত্ৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব।

Leave A Reply

Your email address will not be published.