ত্ৰিকুট পৰ্বতৰ ৰোপৱেত আৱদ্ধ হৈ থকা পৰ্যটকক সুৰক্ষিতভাৱে উদ্ধাৰৰ মাজতে এটা দুৰ্ঘটনা সংঘটিত
ত্ৰিকুট পৰ্বত (Trikut Hills)ৰ ৰোপৱে (Ropeway)ত ৰাতিটো আৱদ্ধ হৈ থকা ৪৮ জন পৰ্যটকক সুৰক্ষিতভাৱে উদ্ধাৰৰ মাজতে এটা দুৰ্ঘটনা সংঘটিত হয়। সোমবাৰে সন্ধিয়া হেলিকপ্টাৰেৰে উদ্ধাৰৰ সময়তত এজন পৰ্যটকৰ সুৰক্ষা বেল্ট (Safety Belt) ছিগি যায়। লগে লগে উদ্ধাৰকাৰী কমাণ্ডো জোৱানে পৰ্যটকজনৰ হাতত ধৰি হেলিকপ্টাৰৰ ভিতৰলৈ টানি নিবলৈ চেষ্টা কৰিছিল যদিও সেই সময়তে হাত এৰাই যোৱাত ৪৮ বছৰীয়া পৰ্যটকজন প্ৰায় ১,৫০০ ফুট গভীৰ খাৱৈত পৰিছিল।
দুৰ্ঘটনাটোৰ পিছত, ত্ৰিকুট পৰ্বতত হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয়। মন কৰিবলগীয়া যে সন্ধিয়া হৈ অহা দেখি সেনাই সন্ধিয়া ৫ বজাৰ পৰা উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছিল। দুখন হেলিকপ্টাৰ (Helicopter)ৰ সহায়ত লোকসকলক উদ্ধাৰ কৰা হৈছিল। কিন্তু ইয়াৰ মাজতে এই অবাঞ্ছিত দুৰ্ঘটনাৰ ফলত পৰিস্থিতি আকৌ এবাৰ প্ৰত্যাহ্বানজনক হৈ পৰিছে।
প্ৰায় ১৪ জন লোকক এতিয়াও উদ্ধাৰ কৰা হোৱা নাই। দেওবাৰে সন্ধিয়া সংঘটিত দুৰ্ঘটনাৰ প্ৰায় ২৫ ঘণ্টা পিছত ৩৩ জন লোকক কেবিনৰ পৰা সুৰক্ষিতভাৱে উলিয়াই অনা হৈছে।
ৰ’পৱে চলাৰ সময়ত এফালৰ পৰা ১২টা কেবিন আৰু আনফালৰ পৰা ১২টা কেবিন একেলগে চলে। ইয়াৰে ওপৰৰ পৰা তললৈ নামি অহা ৰছীপথৰ ৰছী ছিগাৰ ফলত এই ঘটনা সংঘটিত হৈছে। ইয়াৰ ফলত ৰোপৱেটো বন্ধ হৈ পৰিছিল। অৱশ্যে তলৰ পৰা ওপৰলৈ যোৱা ৰোপৱেৰ ৰছী ছিগা নাছিল। ঘটনাটোত ওপৰৰ দুটা কেবিনৰ যাত্ৰীসকল অধিক আঘাতপ্ৰাপ্ত হৈছে।
উল্লেখ্য যে ত্ৰিকুট পৰ্বতত চলি থকা ৰ’পৱেটো মুঠ ২৬খন ট্ৰলীৰে চলোৱা হয়। অৱশ্যে দেওবাৰে মাত্ৰ ২৪খন আছিল। দুৰ্ঘটনাটোৰ সময়ত ৰোপৱেৰ ২০টা কেবিনত ৮০ জন যাত্ৰী আছিল। ইয়াৰ ভিতৰত ৮টা কেবিনত আৱদ্ধ প্ৰায় ২৮ জন লোকক দেওবাৰে নিশাই স্থানান্তৰ কৰা হৈছিল, আনহাতে আন ১২ খন ট্ৰলীত আৱদ্ধ লোকসকলক উদ্ধাৰ কৰিবলৈ আজি অভিযান চলোৱা হয়।একে সময়তে পৰ্বতত আৱদ্ধ হৈ থকা প্ৰায় ২৫-৩০জনলোক নিশাই খোজকাঢ়ি নামি গৈছিল।