অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
ইছৰোৱে কাইলৈ পিএছএলভি-চি৫৩ উৎক্ষেপণ কৰিব-বড়ো সাহিত্য সভালৈ ৫ কোটি টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ-কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত থকা সভাৰ স্ক্ৰীণত চলিল অশ্লীল ভিডিও-ঐতিহাসিক শিৱদৌল প্ৰাংগণত 'যোগ উৎসৱ'ৰ আয়োজন-১ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-৪৪ বিলিয়ন মাৰ্কিন ডলাৰত টুইটাৰ ক্ৰয় কৰিলে এলন মাস্কে

ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব ভাগৱত গীতা

0

বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব লাগিব ভাগৱত গীতা। ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব ভাগৱত গীতা। শিক্ষা বিভাগৰ বাবে বাজেট আৱণ্টনৰ ওপৰত আলোচনাৰ সময়ত গুজৰাটৰ শিক্ষামন্ত্ৰী জিতু বাঘানীয়ে বিধানসভাত এইকথা ঘোষণা কৰে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক মূল্যবোধৰ শিক্ষা দিয়াৰ উদ্দেশ্যে ৰাজ্যখনৰ শিক্ষা বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জনাই শিক্ষামন্ত্ৰীগৰাকীয়ে।

এই সিদ্ধান্ত কেন্দ্ৰৰ নতুন শিক্ষা নীতিৰ সৈতে সামঞ্জস্যপূৰ্ণ। যিয়ে আধুনিক আৰু প্ৰাচীন সংস্কৃতি, পৰম্পৰা আৰু জ্ঞান প্ৰণালী প্ৰৱৰ্তনৰ পৰামৰ্শ দিয়ে যাতে শিক্ষাৰ্থীসকলে ভাৰতৰ সমৃদ্ধ আৰু বৈচিত্ৰ্যময় সংস্কৃতিৰ বাবে গৌৰৱ অনুভৱ কৰিব পাৰে, এনেদৰে কয় মন্ত্ৰীগৰাকীয়ে।

এক প্ৰেছ বিবৃতি অনুসৰি, ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে শাস্ত্ৰখন ‘সৰ্বংগী শিক্ষা’ বা সামগ্ৰিক শিক্ষাৰ পাঠ্যপুথিত প্ৰৱৰ্তন কৰা হ’ব। আনহাতে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ইয়াক প্ৰথম ভাষাৰ পাঠ্যপুথিত কাহিনী কোৱাৰ ৰূপত প্ৰৱৰ্তন কৰা হ’ব।

বিদ্যালয়সমূহে শাস্ত্ৰৰ ওপৰত আধাৰিত কাৰ্যকলাপ যেনে প্ৰাৰ্থনা, শ্লোক আবৃত্তি, বোধগম্যতা, নাটক, কুইজ, পেইণ্টিং আৰু কুইজ প্ৰতিযোগিতা আদিৰ আয়োজন কৰিব। অধ্যয়ন সামগ্ৰী যেনে কিতাপ আৰু অডিঅ’-ভিডিঅ’ চিডি চৰকাৰে বিদ্যালয়সমূহক যোগান ধৰিব।

Leave A Reply

Your email address will not be published.