অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
ইছৰোৱে কাইলৈ পিএছএলভি-চি৫৩ উৎক্ষেপণ কৰিব-বড়ো সাহিত্য সভালৈ ৫ কোটি টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ-কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত থকা সভাৰ স্ক্ৰীণত চলিল অশ্লীল ভিডিও-ঐতিহাসিক শিৱদৌল প্ৰাংগণত 'যোগ উৎসৱ'ৰ আয়োজন-১ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-৪৪ বিলিয়ন মাৰ্কিন ডলাৰত টুইটাৰ ক্ৰয় কৰিলে এলন মাস্কে

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ কাৰণ দৰ্শোৱাৰ জাননী ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

0

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ কাৰণ দৰ্শোৱাৰ জাননী ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগ। কংগ্ৰেছ দলে ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক দাখিল কৰিছিল অভিযোগ। উপ–নিৰ্বাচনৰ প্ৰচাৰ সভাত বিভিন্ন সমষ্টিত আঁচনি আৰু আৰ্থিক অনুদানৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। এই সন্দৰ্ভত ভিডিঅ’সহ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই দাখিল কৰিছিল অভিযোগ।

ভৱানীপুৰ, মৰিয়নী, থাওৰাৰ নিৰ্বাচনী সভাত বিভিন্ন ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ পৰা দুটাকৈ অভিযোগ লাভ কৰাৰ পিছতে নিৰ্বাচন আয়োগে অনুসন্ধান চলায় আৰু মুখ্যমন্ত্ৰীগৰাকীলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে। আজি সন্ধিয়া ৫ বজাৰ ভিতৰত উত্তৰ দিয়াৰ নিৰ্দেশ দিয়া হৈছে মুখ্যমন্ত্ৰীক। অন্যথা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰা হৈছে জাননীত।

Leave A Reply

Your email address will not be published.