অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
বড়ো সাহিত্য সভালৈ ৫ কোটি টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ-কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত থকা সভাৰ স্ক্ৰীণত চলিল অশ্লীল ভিডিও-ঐতিহাসিক শিৱদৌল প্ৰাংগণত 'যোগ উৎসৱ'ৰ আয়োজন-১ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-৪৪ বিলিয়ন মাৰ্কিন ডলাৰত টুইটাৰ ক্ৰয় কৰিলে এলন মাস্কে-গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল

অৰুণাচলৰ ৰাজ্য গঠনৰ দিৱসত অংশগ্ৰহণ কৰি অসম আৰু অৰুণাচলৰ মাজত থকা ঐতিহাসিক ভাতৃত্ববোধৰ কথা স্মৰণ কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই

0

দেওবাৰে চুবুৰীয়া অৰুণাচল প্ৰদেশে ৩৬ সংখ্যক ৰাজ্য গঠনৰ দিৱস উদযাপনৰ কৰে ৷ ৰাজধানী ইটানগৰত আয়োজিত ৰাজ্য গঠন দিৱসৰ বৰ্ণাঢ্য অনুষ্ঠানত অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷

অৰুণাচলৰ (Arunachal Pradesh) ৰাজ্য গঠনৰ দিৱসত অংশগ্ৰহণ কৰি অসম আৰু অৰুণাচলৰ মাজত থকা ঐতিহাসিক ভাতৃত্ববোধৰ কথা স্মৰণ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই দুয়ো ৰাজ্যৰ মাজত থকা দশক দশক পুৰণি সীমা বিবাদ নিষ্পত্তি কৰাৰ কথা উনুকিয়ালে ৷ মুখ্যমন্ত্ৰীয়ে ক’লে- “চলিত বছৰতে অসম-অৰুণাচলৰ গৰিষ্ঠসংখ্যক বিবদমান সীমা সমস্যা সমাধান হ’ব ৷ এপ্ৰিলৰ পৰা মুখ্যমন্ত্ৰী পৰ্যায়ত একেলেথাৰিয়ে চলিব আলোচনা ৷ মেঘালয়ৰ দৰে সীমা বিবাদ নিষ্পত্তি হ’ব অৰুণাচলৰ সৈতেও ৷”

চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে থকা অসমৰ সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিশেষ উদ্যোগ লৈছে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই (CM Himanta Biswa Sarma) ৷ ড° শৰ্মাই কয়- “উত্তৰ-পূবৰ সকলো সীমা বিবাদ নিষ্পত্তি হ’ব আলোচনাৰ জৰিয়তে ৷”

North East Frontier Agency, চমুকৈ NEPAৰ দিনৰে পৰা অসম-অৰুণাচলৰ সম্পৰ্কৰ কথা দোহাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ ইন্দিৰা মিৰিয়ে NEPAত শিক্ষা প্ৰসাৰৰ ক্ষেত্ৰত কৰা ত্যাগ, ভাৰতৰত্ন ভূপেন হাজৰিকাই ৰচনা আৰু গোৱা কালজয়ী গীত আৰু অৰুণাচলৰ প্ৰবাদপ্ৰতীম সাহিত্যিক লুম্বেৰ দাই আৰু য়েছে দৰজে ঠংচিয়ে অসমীয়া ভাষাত লিখা প্ৰখ্যাত উপন্যাসৰাজিৰ কথাও মুখ্যমন্ত্ৰী ড° শৰ্মাই স্মৰণ কৰে ৷ সূৰ্য উঠা দেশ অৰুণাচল প্ৰদেশৰ ৰাজ্য গঠনৰ এই দিৱসত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুও উপস্থিত থাকে ৷

Leave A Reply

Your email address will not be published.