অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
বড়ো সাহিত্য সভালৈ ৫ কোটি টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ-কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত থকা সভাৰ স্ক্ৰীণত চলিল অশ্লীল ভিডিও-ঐতিহাসিক শিৱদৌল প্ৰাংগণত 'যোগ উৎসৱ'ৰ আয়োজন-১ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-৪৪ বিলিয়ন মাৰ্কিন ডলাৰত টুইটাৰ ক্ৰয় কৰিলে এলন মাস্কে-গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল

বড়ো সাহিত্য সভালৈ ৫ কোটি টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

0

তামুলপুৰ জিলাৰ কচুবাৰীত অনুষ্ঠিত হৈছে ৬১ সংখ্যক বড়ো সাহিত্য সভা। আজি বড়ো সাহিত্য সভা অধিৱেশনৰ অন্তিম দিন। আজি মুকলি সভাত অংশগ্ৰহণ কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। ৰাজ্যপাল জগদীশ মুখীৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত আছে সভাত।

সভাত ভাষণ প্ৰসংগত বড়ো ভাষাৰ বিকাশৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ‘আজি আমাৰ বাবে গৌৰৱৰ দিন। অসমৰ কোনো জনগোষ্ঠীয় সাহিত্য সভালৈ অহা প্ৰথমগৰাকী ৰাষ্ট্ৰপতি হ’ল ৰামনাথ কোবিন্দ। অসমৰ এক বৃহৎ জনগোষ্ঠী হ’ল বড়ো জনগোষ্ঠী। আমি ভাষা গৌৰৱ আঁচনিৰ জৰিয়তে বড়োৰ লগতে অন্যান্য জনগোষ্ঠীৰ ভাষাক আগবঢ়াই লৈ গৈ আছো। এতিয়াৰে একাদশ আৰু দ্বাদশ শ্ৰেণীত বড়ো ভাষাৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত হ’ব। অসমৰ বড়ো জনসংখ্যা থকা প্ৰতিখন জিলাতে একোটাকৈ বড়ো সাহিত্য সভা কাৰ্য্যলয় নিৰ্মাণৰ বাবে ৫০ লাখকৈ অনুদান দিম।’

ইফালে একাদশ আৰু দ্বাদশ শ্ৰেণীত অন্তৰ্ভুক্ত হ’ব বড়ো ভাষাৰ পাঠ্যক্ৰম। আনকি স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়লৈও নিয়া হ’ব বড়ো ভাষাক। বড়ো সাহিত্য সভাৰ অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা।

ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে বিশেষ উপহাৰ আগবঢ়াইছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। কাজিৰঙাত শীঘ্ৰেই নিৰ্মাণ হ’ব ২২ কিঃমিঃ দৈৰ্ঘ্যৰ এলিভেটেড কৰিড’ৰ। কাজিৰঙা ভ্ৰমণ কৰিয়েই নীতিন গাডকাৰীক এই প্ৰস্তাৱ দিছিল ৰাষ্ট্ৰপতিয়ে।

Leave A Reply

Your email address will not be published.