ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে দশম শ্ৰেণীৰ পাঠদান
ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে দশম শ্ৰেণীৰ পাঠদান। দীৰ্ঘদিনৰ বিৰতিৰ অন্তত আজিৰে পৰা আপোন স্কুলখনলৈ আহিছে শিক্ষাৰ্থীসকল। সম্পূৰ্ণ কোভিড বিধি মানি পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰিছে বিদ্যালয়সমূহে।
শ্ৰেণীকোঠাত উপস্থিত থাকিব ৩০জনকৈ শিক্ষাৰ্থী। কমেও এপালি ভেকচিন গ্ৰহণ কৰা শিক্ষক–কৰ্মচাৰীসকলক বিদ্যালয়লৈ অহাৰ অনুমতি। বিদ্যালয়সমূহ ছেনিটাইজ কৰি আৰম্ভ কৰা হৈছে পাঠদান।
ইফালে, দীৰ্ঘদিন অনলাইন ক্লাছত ব্যস্ত থকা ছাত্ৰ–ছাত্ৰীসকলে পুনৰ বিদ্যালয়ৰ শ্ৰেণীকোঠালৈ উভতি আহিবলৈ পাই আনন্দ প্ৰকাশ কৰিছে। আনন্দ প্ৰকাশ কৰিছে শিক্ষক–শিক্ষয়িত্ৰীসকলেও।