অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
বড়ো সাহিত্য সভালৈ ৫ কোটি টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ-কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত থকা সভাৰ স্ক্ৰীণত চলিল অশ্লীল ভিডিও-ঐতিহাসিক শিৱদৌল প্ৰাংগণত 'যোগ উৎসৱ'ৰ আয়োজন-১ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-৪৪ বিলিয়ন মাৰ্কিন ডলাৰত টুইটাৰ ক্ৰয় কৰিলে এলন মাস্কে-গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল

১ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী

0

মানসত বন্ধ হ’ব হাতী ছাফাৰীৰ লগতে বেকী নদীত নৌকা বিহাৰ৷ লগতে পৰ্যটকৰ বাবে বন্ধ থাকিব মথনগুৰিত থকা বিভাগৰ বাংলোসমূহ৷ অহা ১ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী, নৌকা বিহাৰসহ মথনগুৰিৰ বাংলো৷ গ্ৰীষ্মৰ আগমণ তথা বাৰিষাৰ বাবেই অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব এই সেৱাসমূহ৷

উদ্যান কৰ্তৃপক্ষই জানিব দিয়া অনুসৰি, অতিপাত গৰমৰ বাবে হাতীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ ৰখা হৈছে হাতী ছাফাৰী৷ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষেৰে বৈ যোৱা বেঁকী নৈৰ জলস্তৰ বৃদ্ধিৰ বাবে বন্ধ ৰখা হৈছে নৌকা বিহাৰো৷ সেইদৰে বাট পথৰ শোচনীয় অৱস্থাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁ‌হবাৰী ৰেঞ্জৰ  উচিলা কেম্পৰ পৰা চৰফুলি কেম্পলৈ সম্পূৰ্ণ পথছোৱা বন্ধ থাকিব পৰ্যটকৰ বাবে৷ ইয়াৰোপৰি বাৰিষাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰৰ তথা মঠনগুৰিৰ বাংলোসমূহো বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মানস ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই৷ এই কথা সংবাদ মাধ্যমযোগে জানিবলৈ দিয়ে মানসৰ বাঁহবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া বাবুল ব্ৰহ্মই৷ তেওঁ কয়, গৰমৰ বাবে হাতীক জিৰণি দিয়াৰ স্বাৰ্থত হাতী ছাফাৰী বন্ধ থাকিলেও অৱশ্যে উদ্যানখনত কেইটামানত পথত জীপ ছাফাৰীৰ লগতে অন্যান্য সুবিধা উপলব্ধ থাকিব৷ যাৰ সুবিধা পৰ্যটকসকলে উপভোগ কৰিব পাৰিব ৷ উল্লেখ্য যে এতিয়াও পৰ্যটকেৰে ভৰি আছে মানস ৰাষ্ট্ৰীয় উদ্যান৷ ৰাষ্ট্ৰীয় উদ্যানখনলৈ দেশী–বিদেশী পৰ্যটকৰ সোঁত এতিয়াও অব্যাহত আছে৷ বাঁহবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া ব্ৰহ্মই জানিব দিয়া মতে, পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত বন্ধ হৈ থাকিব হাতী ছাফাৰী, নৌকা বিহাৰ আৰু মথনগুৰিৰ বাংলোসমূহ৷

Leave A Reply

Your email address will not be published.