অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
বড়ো সাহিত্য সভালৈ ৫ কোটি টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ-কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত থকা সভাৰ স্ক্ৰীণত চলিল অশ্লীল ভিডিও-ঐতিহাসিক শিৱদৌল প্ৰাংগণত 'যোগ উৎসৱ'ৰ আয়োজন-১ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-৪৪ বিলিয়ন মাৰ্কিন ডলাৰত টুইটাৰ ক্ৰয় কৰিলে এলন মাস্কে-গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল

ৰাষ্ট্ৰীয় অভিলেখেৰে ফেডাৰেছন কাপত স্বৰ্ণপদক লাভ হিমা দাসৰ

0

পুনৰ ছন্দ উভতাই পাইছে ধিং এক্সপ্ৰেছ হিমা দাসে। ৰাষ্ট্ৰীয় অভিলেখেৰে ফেডাৰেছন কাপত স্বৰ্ণপদক লাভ কৰিছে ধিং এক্সপ্ৰেছ হিমা দাসে।কেৰালাৰ কালিকটত অনুষ্ঠিত ৰাষ্ট্ৰীয় ফেডাৰেচন কাপত স্বৰ্ণপদক লাভ কৰে তাৰকা এথলীট হিমা দাসে।

মহিলাৰ ২০০ মিঃ দৌৰত হিমা দাসে ২৩.৬৩ ছেকেণ্ডত ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰে। দীৰ্ঘ সময়ৰ মূৰত সফলতা লাভ কৰিছে হিমা দাসে। ফিনলেণ্ডৰ বিশ্ব জয় আৰু জাকাৰ্টা এছিয়ান গেমছত সফলতাৰ পিছত আঘাতৰ সমস্যাত ভুগিছিল হিমা দাস। আৰু তাৰ পিছতে দেশ বিদেশৰ বহুকেইটা টুৰ্ণামেণ্টত আশানুৰূপ প্ৰদৰ্শন দেখুওৱাত ব্যৰ্থ হৈছিল হিমা দাস। কিন্তু শেহতীয়াকৈ পঞ্জাৱৰ পাটিয়ালাত কঠোৰ অনুশীলন চলোৱা হিমা দাসে কেৰালাৰ কালিকতৰ ৰাষ্ট্ৰীয় ফেডাৰেছন কাপ এথলেটিকছত নিজৰ ২০০ মিটাৰত স্বৰ্ণ পদক অৰ্জন কৰে। দীৰ্ঘদিনৰ মূৰত হিমা দাসে সফলতা অৰ্জন কৰাত এতিয়া উৎফুল্লিত ৰাজ্যবাসী। হিমা দাসৰ লক্ষ্য আগন্তুক এছিয়ান গেমছ, কমনৱেলথ গেমছৰ লগতে ২০২৪ চনত ফ্ৰান্সৰ ৰাজধানী চহৰ পেৰিছত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক গেমছ।

Leave A Reply

Your email address will not be published.