অসমৰ বৈজ্ঞানিক তথা গাণিতিক জগতখনৰ বাবে পৰোক্ষভাবে এটা সুখবৰ
অসমৰ বৈজ্ঞানিক তথা গাণিতিক জগতখনৰ বাবে পৰোক্ষভাবে এটা সুখৰ বাৰ্তা কঢ়িয়াই আনিছে। বৰ্তমান ভাৰতত বিজ্ঞান তথা অন্যান্য বিষয়ত প্ৰদান কৰা সৰ্বাধিক মূল্যৰ বঁটাটি হ’ল ইনফ’চিছ বঁটা (Infosys Prize)। ২০০৮ চনৰ পৰা প্ৰদান কৰা অতি সন্মানীয় এই বঁটাটি বৰ্তমান ছটা বিষয়ত প্ৰদান কৰা হয়, আৰু প্ৰতিটোৰে অৰ্থ মূল্য প্ৰায় ৭৫ লাখ টকা।
যোৱা শুকুৰবাৰে সন্ধিয়া এই বছৰৰ ইনফ’চিছ বঁটা ঘোষণা কৰা হয়। আৰু এইবাৰ গণিত-বিজ্ঞান শাখাত এই সন্মান লাভ কৰিছে নীৰজ কয়ালে (Neeraj Kayal)। বটাঁ লাভ কৰা শৈশৱ-কৈশোৰত নীৰজ কয়ালে গুৱাহাটীত শিক্ষা গ্ৰহণ কৰিছিল। অসম গণিত শিক্ষায়তনে আয়োজন কৰা গণিত অলিম্পিয়াডত কটন মহাবিদ্যালয়ৰ পৰা তেওঁ ১৯৯৭ আৰু ১৯৯৮ বৰ্ষত দুবাৰকৈ ড৹ সুব্ৰতানন্দ দুৱৰা স্বৰ্ণ পদক জয় কৰিছিল। আইআইটি কানপুৰত কম্পিউটাৰ বিজ্ঞানত বি টেক পঢ়ি থকা অৱস্থাত মৌলিক সংখ্যা সম্পৰ্কীয় এটা কামৰ বাবে তেওঁ বিশ্ববিখ্যাত হৈ পৰিছিল।
উল্লেখ কৰা প্ৰয়োজন যে, এই বটাঁৰ প্ৰতিটো বিষয়ৰ বাবে বিজয়ীগৰাকী নিৰ্বাচন কৰিবলৈ ৪-৫ জনীয়া একোখন পৃথক জুৰি-ব’ৰ্ড থাকে। এই প্ৰতিখন ব’ৰ্ড নোবেল বঁটা বিজয়ীকে আদি কৰি বিশ্বৰ আগশাৰীৰ বিজ্ঞানী বা সমাজ বিজ্ঞানীৰে গঠিত। পূৰ্বতে এটা বিষয়ৰ জুৰি-ব’ৰ্ডত এজন অসমীয়া বিজ্ঞানী সদস্য ৰূপে আছিল। তেওঁ আছিল জিতেন্দ্ৰ নাথ গোস্বামী। তেওঁ পদাৰ্থ বিজ্ঞানৰ জুৰি-ব’ৰ্ডৰ সদস্য আছিল।