অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
বড়ো সাহিত্য সভালৈ ৫ কোটি টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ-কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত থকা সভাৰ স্ক্ৰীণত চলিল অশ্লীল ভিডিও-ঐতিহাসিক শিৱদৌল প্ৰাংগণত 'যোগ উৎসৱ'ৰ আয়োজন-১ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-৪৪ বিলিয়ন মাৰ্কিন ডলাৰত টুইটাৰ ক্ৰয় কৰিলে এলন মাস্কে-গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল

কোভিশ্বিল্ড ভেকচিনৰ দ্বিতীয় পালি গ্ৰহণৰ নিয়মত ডাঙৰ পৰিৱৰ্তন

0

কোভিশ্বিল্ড ভেকচিনৰ দ্বিতীয় পালি (Covishield Vaccine Second Dose) গ্ৰহণৰ নিয়মত এক ডাঙৰ পৰিৱৰ্তন কৰা হৈছে৷ কেন্দ্ৰীয় চৰকাৰৰ বিশেষজ্ঞ সমিতিয়ে প্ৰথম আৰু দ্বিতীয় পালিৰ মাজৰ নিম্নতম সময়ৰ ব্যৱধান চাৰি সপ্তাহ হ্ৰাস কৰিছে৷ বৰ্তমান প্ৰথম আৰু দ্বিতীয় পালিৰ মাজৰ ব্যৱধান আছিল ১২ৰ পৰা ১৬ সপ্তাহৰ ভিতৰত ৷ এতিয়া এই ব্যৱধান ৮ৰ পৰা ১৬ সপ্তাহলৈ হ্ৰাস কৰা হৈছে৷

অৰ্থাৎ কোভিশ্বিল্ডৰ প্ৰথম পালি গ্ৰহণ কৰাৰ ৮ সপ্তাহৰ পিছত যিকোনো লোকে দ্বিতীয় পালি গ্ৰহণ কৰিব পাৰে৷ বিশেষজ্ঞ সমিতিয়ে ব্যাখ্যা কৰিছে যে কোভিশ্বিল্ডৰ দ্বিতীয় পালি গ্ৰহণ কৰাৰ কাৰ্যকৰিতা ৮ সপ্তাহৰ ভিতৰত শৰীৰত উপলব্ধ হ’ব৷ সেয়েহে ভেকছিনৰ দুটা পালিৰ মাজৰ সময়ৰ ব্যৱধান হ্ৰাস কৰা হৈছে৷ এই কথা সংবাদ সংস্থাত পিটিআইত প্ৰকাশ পাইছে।

উল্লেখ্য যে দেশত এতিয়াও ৬-৭ কোটি লোকে কোভিশ্বিল্ডৰ দ্বিতীয় পালি গ্ৰহণ কৰা নাই। দুয়োটা পালিৰ মাজৰ সময়ৰ ব্যৱধান হ্ৰাস কৰি এই ছয়ৰ পৰা সাত কোটি লোকৰ টিকাকৰণ কাৰ্যসূচীও দ্ৰুততাৰে সম্পূৰ্ণ কৰিব পাৰিব বুলি আশা কৰা হৈছে৷ যিহেতু বিশ্বৰ বিভিন্ন দেশত কোৰোনা ৰোগীৰ সংখ্যা পুনৰ বৃদ্ধি পাইছে, সেয়েহে টিকাকৰণ কাৰ্যসূচী দ্ৰুতগতিত সম্পূৰ্ণ কৰাটো অতি গুৰুত্বপূৰ্ণ৷

অৱশ্যে, কোভিশ্বিল্ডৰ নিয়ম সলনি কৰিলেও কোভাক্সিন (Covaxin)ৰ বাবে নিয়মবোৰ একেই আছে। বৰ্তমানৰ নিয়ম অনুসৰি কোভাক্সিনৰ প্ৰথম পালি গ্ৰহণ কৰাৰ 28 দিন পিছত দ্বিতীয় পালিটো দিয়া হয়।

Leave A Reply

Your email address will not be published.