অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
বড়ো সাহিত্য সভালৈ ৫ কোটি টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ-কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত থকা সভাৰ স্ক্ৰীণত চলিল অশ্লীল ভিডিও-ঐতিহাসিক শিৱদৌল প্ৰাংগণত 'যোগ উৎসৱ'ৰ আয়োজন-১ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-৪৪ বিলিয়ন মাৰ্কিন ডলাৰত টুইটাৰ ক্ৰয় কৰিলে এলন মাস্কে-গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল

পোলেণ্ডৰ সুন্দৰীৰ শিৰত মিছ ৱৰ্ল্ডৰ খিতাপ

মিছ ৱৰ্ল্ড-২০২১ ৰ খিতাপ কেৰোলিনা বিলাভস্কাৰ শিৰত। পোলেণ্ডৰ ২৩ বছৰীয়া সুন্দৰী কেৰোলিনা বিলাভস্কাই ৭০ সংখ্যক মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ চূড়ান্ত খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। আনহাতে এই প্ৰতিযোগিতাত ভাৰতীয় মূলৰ আমেৰিকান সুন্দৰী শ্ৰী চাইনী ৰানৰ-আপ হয়।

পুয়েৰ্টো ৰিকোৰ চান জুয়ানৰ কোকা-কোলা মিউজিক হলত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতা ২০১৯ চনৰ মিছ ৱৰ্ল্ড খিতাপ দখলকাৰী টনি এন সিঙে ৰাছিয়া ইউক্ৰেইন সংকটৰ বাবে ‘দ্যা প্ৰেয়াৰ’ পৰিবেশন কৰে। এই সময়ছোৱাত সকলোৱে মম জ্বলাই শান্তিৰ কামনা কৰে আৰু বেনাৰত শান্তিৰ বাণী লিপিবদ্ধ কৰি ৰাছিয়া আৰু ইউক্ৰেইনলৈ শান্তিৰ বাণী প্ৰেৰণ কৰে। ২০২০ চনত কৰোনাভাইৰাছ মহামাৰীৰ বাবে এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ পৰা বিৰত থকাৰ পিছত ১৬ মাৰ্চৰ নিশা (ভাৰতীয় সময়মতে ১৭ মাৰ্চ) পুয়েৰ্টো ৰিকোৰ চান জুয়ানত এই প্ৰতিযোগিতাখন অনুষ্ঠিত হয়।

উল্লেখ্য যে প্ৰতিযোগিতাৰ দ্বিতীয় ৰানৰ-আপ শ্ৰী চাইনী পঞ্জাৱৰ লুধিয়ানাৰ বাসিন্দা আছিল। তেওঁৰ বয়স ৫ বছৰ হোৱাৰ সময়তে পৰিয়ালসহ ৱাশ্বিংটন ডিচিলৈ স্থানান্তৰিত হৈছিল। মাত্ৰ ১২ বছৰ বয়সতে শ্ৰী চাইনীৰ দেহত পেচমেকাৰ সংৰূপণ কৰিবলগীয়া হৈছিল।

ইয়াৰ উপৰিও শ্ৰী চাইনীৰ এক দুৰ্ঘটনাত মুখমণ্ডলত জ্বলি গৈছিল। কিন্তু প্ৰচণ্ড মানসিক শক্তিৰ অধিকাৰী চাইনীয়ে এই সকলো প্ৰতিবন্ধকতা দূৰ কৰিবলৈ সক্ষম হৈছিল। নিজৰ অদম্য ইচ্ছা শক্তিৰ বাবে শ্ৰী চাইনী বিশ্ব সুন্দৰীৰ প্ৰতিযোগিতাত উজলি উঠিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে প্ৰতিযোগিতাখনত ভাৰতৰ মানসা বাৰণাসীয়ে বাৰতক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ শীৰ্ষ ১৩ প্ৰতিযোগিৰ ভিতৰত স্থান লাভকৰে। ইফালে ভাৰতে এই প্ৰতিযোগিতাত শেষ বাৰৰ বাবে ২০১৭ চনত খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল। ২০১৭ চনত মিছ ৱৰ্ল্ড খিতাপ লাভ কৰিছিল ভাৰতৰ মানুষী ছিল্লাৰে।

Leave A Reply

Your email address will not be published.