
ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ
জগন্নাথ পুৰীৰ শংকৰাচার্য তথা বিশিষ্ট পণ্ডিত নিশ্চলানন্দ সৰস্বতী আৰু ৰাজ্যৰ প্ৰসিদ্ধ সত্ৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ, বিশিষ্ট সাহিত্যিক, সত্ৰীয়া সংস্কৃতিৰ গৱেষক তথা পণ্ডিত প্ৰৱৰ ‘সত্ৰৰত্ন’ ড° পীতাম্বৰ দেৱগোস্বামীয়ে মঙ্গলবাৰে ডিব্ৰুগড় কছাৰীৱাৰীস্থিত আউনীআটী শাখা সত্ৰৰ প্ৰেক্ষাগৃহত এখন ধর্মালোচনী সভাত অংশগ্ৰহণ কৰে। জগন্নাথ পুৰী পীঠৰ শংক্ৰাচাৰ্য আৰু আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ স্বাগত সমিতিৰ উদ্যোগত মঙ্গলবাৰে শাখা সত্ৰখনত আয়োজিত ‘সনাতন ধর্ম আৰু সাম্প্ৰতিক পৰিস্থিতিত ইয়াৰ প্ৰাসংগিকতা’ শীর্ষক এক ধর্মালোচনী সভাত অংশগ্ৰহণ কৰি সনাতন সভ্যতা-সংস্কৃতিৰ সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। দুয়োগৰাকী প্ৰসিদ্ধ পণ্ডিতে আউনীআটী সত্ৰৰ শাখা সত্ৰখনত পদাৰ্পন কৰাৰ পিচতে তেওঁলোকক গায়ন-বায়নেৰে সত্ৰৰ নামঘৰত আদৰণি জনোৱা হয়। পিচত বিষয় সন্দৰ্ভত অনুষ্ঠিত ধর্মালোচনী সভাত দুয়োগৰাকী যশস্বী পণ্ডিতে বহুমূলীয়া বক্তব্য প্রদান কৰে। অনুষ্ঠানটোৰ আয়োজকসকলেও তেওঁলোকক যথাৰীতি সম্বর্ধনা জ্ঞাপন কৰে। মঙ্গলবাৰে ডিব্ৰুগড়ত উপস্থিত হোৱা জগন্নাথ পুৰীৰ পণ্ডিতগৰাকীয়ে বুধবাৰে ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰত আন এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।