অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
বড়ো সাহিত্য সভালৈ ৫ কোটি টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ-কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত থকা সভাৰ স্ক্ৰীণত চলিল অশ্লীল ভিডিও-ঐতিহাসিক শিৱদৌল প্ৰাংগণত 'যোগ উৎসৱ'ৰ আয়োজন-১ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-৪৪ বিলিয়ন মাৰ্কিন ডলাৰত টুইটাৰ ক্ৰয় কৰিলে এলন মাস্কে-গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল

১ এপ্ৰিলত প্ৰধানমন্ত্ৰী মোদীৰ পঞ্চম ‘পৰীক্ষা পে’ চৰ্চা’ অনুষ্ঠান

0

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)য়ে অহা ১ এপ্ৰিলত পঞ্চম ‘পৰীক্ষা পে’ চৰ্চা‘ (Pariksha Pe Charcha 2022) অনুষ্ঠানত সমগ্ৰ দেশৰ শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ সৈতে মত বিনিময় কৰিব। পৰীক্ষা পে’ চৰ্চা হৈছে এক বহু প্ৰতীক্ষিত বাৰ্ষিক অনুষ্ঠান, য’ত ব্যতিক্ৰমীভাৱে পৰিচালিত পোনপটীয়া অনুষ্ঠানত পৰীক্ষাজনিত চাপ (Exam Stress) আৰু অন্যান্য প্ৰাংসগিক ক্ষেত্ৰৰ সন্দৰ্ভত শিক্ষাৰ্থীসকলে সোধা প্ৰশ্নৰ উত্তৰ দিয়ে প্ৰধানমন্ত্ৰীয়ে।

জানিব পৰা মতে, নতুন দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত পুৱা ১১ বজাত পৰীক্ষা পে’ চৰ্চাৰ পঞ্চম খণ্ড অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত দেশ-বিদেশৰ কোটি কোটি শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকে অংশগ্ৰহণ কৰিব। উল্লেখ্য যে, যিসকল শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকে প্ৰধানমন্ত্ৰীক প্ৰশ্ন সুধিব, তেওঁলোকক এলানি বিষয়বস্তুৰ ভিত্তিত এক অনলাইন সৃষ্টিশীল লিখন প্ৰতিযোগিতা অনুষ্ঠিত কৰি বাছনি কৰা হৈছে। ২০২১ৰ ২৮ ডিচেম্বৰৰ পৰা ২০২২ৰ ৩ ফেব্ৰুৱাৰীলৈ মাইগভ(mygov) মঞ্চৰ জৰিয়তে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। মন কৰিবলগীয়া যে, চলিত বৰ্ষৰ সৃষ্টিশীল লিখন প্ৰতিযোগিতাৰ বাবে ১৫.৭ লাখ প্ৰতিযোগীয়ে পঞ্জীয়ন কৰিছিল। মাইগভ(mygov)ৰ জৰিয়তে অনুষ্ঠিত প্ৰতিযোগিতাত বাছনি হোৱা অংশগ্ৰহণকাৰীসকলক এখন প্ৰশংসা-পত্ৰ আৰু প্ৰধানমন্ত্ৰীয়ে লিখা এক্সাম ৱাৰিয়ৰ্ছ বুক সম্বলিত এক বিশেষ পৰীক্ষা পে’ চৰ্চা কীট প্ৰদান কৰা হ’ব।

এইখিনিতে উল্লেখনীয় যে, পৰীক্ষা পে’ চৰ্চা এক জনপ্ৰিয় অনুষ্ঠানত পৰিণত হৈছে, য’ত শিক্ষাৰ্থীসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে পোনপটীয়াকৈ মত বিনিময় কৰে। পৰীক্ষা পে চৰ্চা অনুষ্ঠান কেৱল ভাৰততে নহয়, অন্যান্য দেশৰ ভাৰতীয় বংশোদ্ভৱসকলেও অনলাইনযোগে পোনপটীয়াকৈ চাব পাৰিব। পৰীক্ষা পে’ চৰ্চা তৰুণ প্ৰজন্মৰ মাজত এক চাপমুক্ত পৰিৱেশ গঢ় দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ‘এক্সাম ৱাৰিয়ৰ্চ’ৰ বৃহৎ আন্দোলনৰ এক অংশ। এয়া এনে এক আন্দোলন, য’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষাৰ্থী, শিক্ষক, অভিভাৱক আৰু সমাজক এটা সুস্থ পৰিৱেশত একত্ৰিত কৰাৰ প্ৰয়াস কৰিছে, যাতে প্ৰতিগৰাকী ল’ৰা-ছোৱালীয়ে সকলো দিশ উদযাপন কৰে, সকলো বিষয় ভালদৰে প্ৰকাশ কৰিবলৈ উৎসাহিত হয়।

এই অনুষ্ঠানটো দূৰদৰ্শন (ডিডি নেচনেল, ডিডি নিউজ, ডিডি ইণ্ডিয়া), ৰেডিঅ’ চেনেল, টিভি চেনেল, EduMinofIndia, narendramodi, pmoindia, pibindia, DoordarshanNational, MyGovIndia, DDNews, RajyaSabha TV, SwayamPrabha ইউটিউব চেনেলকে ধৰি ডিজিটেল মিডিয়াত পোনপটীয়াকৈ সম্প্ৰচাৰ হ’ব।

Leave A Reply

Your email address will not be published.