অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
বড়ো সাহিত্য সভালৈ ৫ কোটি টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ-কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত থকা সভাৰ স্ক্ৰীণত চলিল অশ্লীল ভিডিও-ঐতিহাসিক শিৱদৌল প্ৰাংগণত 'যোগ উৎসৱ'ৰ আয়োজন-১ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-৪৪ বিলিয়ন মাৰ্কিন ডলাৰত টুইটাৰ ক্ৰয় কৰিলে এলন মাস্কে-গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল

আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

0

আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কেইবাটাও কাৰ্যসূচীৰ বাবে অসমলৈ আহি আছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। দিনৰ ১১ বজাত কাৰ্বি আংলং জিলাৰ ডিফুত আয়োজিত শান্তি, একতা আৰু উন্নয়নৰ সমাৱেশত অংশগ্ৰহণ কৰিব মোদীয়। ৫০০ কোটি টকাৰো অধিক ব্যয়সাপেক্ষ শিক্ষাখণ্ডৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব মোদীয়ে। এই প্ৰকল্পসমূহৰ ভিতৰত কেইটামান হ’ল ডিফুৰ প্ৰস্তাৱিত পশু চিকিৎসা মহাবিদ্যালয়, পশ্চিম কাৰ্বি আংলং জিলাত স্থাপন হ’বলগীয়া স্নাতক মহাবিদ্যালয় আৰু কৃষি মহাবিদ্যালয় আদি। অমৃত সৰোবৰ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব মোদীয়ে।

বিয়লি প্ৰায় ১.৪৫ বজাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী। প্ৰধানমন্ত্ৰী মোদীয়ে নতুনকৈ স্থাপন কৰা ডিব্ৰুগড় কৰ্কট ৰোগ চিকিৎসালয়খন দেশবাসীৰ নামত উছৰ্গা কৰিব।

বিয়লি ৩ বজাত ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত আয়োজিত জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। অসমৰ বিভিন্ন ঠাইত স্থাপিত আন ছখন কৰ্কট ৰোগ চিকিৎসালয় আনুষ্ঠানিকভাৱে মুকলি কৰাৰ লগতে নতুনকৈ নিৰ্মাণ কৰিবলগীয়া আন ৭ খন কৰ্কট ৰোগ চিকিৎসালয়ৰো আধাৰশিলা স্থাপন কৰিব মোদীয়ে।

প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণক লৈ এতিয়া ব্যস্ত হৈ পৰিছে ৰাজ্য চৰকাৰৰ লগতে আৰক্ষী–প্ৰশাসন। ডিফু আৰু ডিব্ৰুগড়ৰ মোদীৰ অনুষ্ঠানলৈ যাবলৈ অধিগ্ৰহণ কৰা হৈছে হাজাৰ হাজাৰ বাহন। যাৰ ফলত গুৱাহাটী মহানগৰীত সাধাৰণ জনতাই হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে। মোদীৰ সভালৈ আজি পুৱাৰে পৰা জনতাৰ সোঁত বোৱা পৰিলক্ষিত হৈছে।

Leave A Reply

Your email address will not be published.