অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
ইছৰোৱে কাইলৈ পিএছএলভি-চি৫৩ উৎক্ষেপণ কৰিব-বড়ো সাহিত্য সভালৈ ৫ কোটি টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ-কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত থকা সভাৰ স্ক্ৰীণত চলিল অশ্লীল ভিডিও-ঐতিহাসিক শিৱদৌল প্ৰাংগণত 'যোগ উৎসৱ'ৰ আয়োজন-১ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-৪৪ বিলিয়ন মাৰ্কিন ডলাৰত টুইটাৰ ক্ৰয় কৰিলে এলন মাস্কে

নিজ প্ৰতিভা আৰু সাধনাৰ বলত জ্ঞান আৰু প্ৰজ্ঞাৰ স্থল আই আই টি গুৱাহাটীলৈ গৌৰৱ কঢ়িয়াই আনিলে ৰোহিত নেগীয়ে

0

IIT গুৱাহাটীৰ ছাত্ৰলৈ লোভনীয় দৰমহাৰ চাকৰিৰ অফাৰ। পূৰ্বৰ ২ কোটিৰ অভিলেখ ভংগ কৰি এইবাৰ ২.০৫ কোটি টকাৰ চাকৰিৰ অফাৰ লাভ কৰিছে IIT গুৱাহাটীৰ ছাত্ৰই। নিজ প্ৰতিভা আৰু সাধনাৰ বলত জ্ঞান আৰু প্ৰজ্ঞাৰ স্থল আই আই টি গুৱাহাটীলৈ গৌৰৱ কঢ়িয়াই আনিলে ৰোহিত নেগীয়ে। উত্তৰাখণ্ডৰ এটা দৰিদ্ৰ পৰিয়ালৰ পৰা আহি নিজ প্ৰতিভাৰ বলত উজলি উঠিছে ৰোহিত নেগী।

ৰোহিত নেগীৰ পিতৃ এজন খেতিয়ক। ভগ্নী এগৰাকী নাৰ্ছ হিচাপে কৰ্মৰত। সিমিত উপাৰ্জনেৰেই ৰোহিতৰ উজ্জ্বল ভৱিষ্যতৰ সপোন বুকুত সাবটি আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল পৰিয়ালটোৱে। আৰু সেই সপোন, সেই আশাবোৰ এতিয়া যেন বাস্তৱত পৰিণত হ’বলৈ লৈছে।

ৰোহিত নেগী বৰ্তমান আই আই টি গুৱাহাটীৰ এম টেকৰ ছাত্ৰ। আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান উবেৰে ৰোহিতলৈ আগবঢ়াইছে এই লোভনীয় দৰমহাৰ চাকৰিৰ অফাৰ। এই খবৰে উৎফুল্লিত কৰি তুলিছে ছাত্ৰজনৰ লগতে আই আই টি গুৱাহাটীৰ পৰিয়ালক।

প্ৰথমবাৰলৈ আই আই টি গুৱাহাটীৰ ছাত্ৰলৈ আহিছে ২ কোটিৰো অধিক টকাৰ দৰমহাৰ চাকৰিৰ অফাৰ। পিতৃ–মাতৃ, ভগ্নীৰ সৈতে চাৰিজনীয়া পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ ৰোহিত নেগী। ৰোহিতৰ এই সাফল্যৰ বাবে ছাত্ৰজনে আই আই টি গুৱাহাটী কৰ্তৃপক্ষৰ লগতে সকলো শুভাকাংক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে।

Leave A Reply

Your email address will not be published.