ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধ অব্যাহত থকাৰ মাজতে এটা অনন্য ঘটনাই দৃষ্টি আকৰ্ষণ কৰিছে বহুতৰে। যুদ্ধৰ বাবে বহু লোকে দেশৰ পৰা পলায়ন কৰিব লগা পৰিস্থিতিৰ মাজতে এগৰাকী লোকৰ এটা কাৰ্যই বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰা দেখা গৈছে। এই লোকগৰাকীয়ে যুদ্ধৰ সময়ত ইউক্ৰেইনত আবদ্ধ হৈ থকা জন্তুবোৰক লৈ সহানুভূতি প্ৰদৰ্শন কৰি যুদ্ধৰ বাবে দেশ এৰি গুচি যোৱা লোকসকলে এৰি যোৱা পোহনীয়া জন্তুবোৰ উদ্ধাৰ কৰে। পোলেণ্ডৰ এই লোকগৰাকীয়ে তেওঁৰ দেশৰ সীমা অতিক্ৰম কৰি ইউক্ৰেইনত প্ৰৱেশ কৰিছে আৰু তাৰ পৰা পোহনীয়া জন্তুবোৰ সুৰক্ষিতভাৱে আঁতৰাই আছে।
ডেইলী ষ্টাৰৰ প্ৰতিবেদন অনুসৰি, এই লোকগৰাকী পোলেণ্ডৰ (Poland) বাসিন্দা ৩২ বছৰীয়া জাকুব কোটোৱিজ (Jakub Kotowicz)। পেছাত এজন পশু চিকিৎসক। তেওঁ পোলেণ্ড সীমান্ত অতিক্ৰম কৰি যোৱা সপ্তাহত যুদ্ধক্ষেত্ৰত প্ৰৱেশ কৰিছিল আৰু তালৈ গৈ তেওঁ যুদ্ধক্ষেত্ৰৰ পৰা ঘূৰি ফুৰা জন্তুবোৰৰ জীৱন ৰক্ষা কৰে। এই কাৰ্যৰ দ্বাৰা তেওঁ ২০০টা মেকুৰী আৰু ৬০টা কুকুৰৰ জীৱন ৰক্ষা কৰিছে (Animals stuck in Ukraine during war)। আপুনি জানি আচৰিত হ’ব যে জাকুবে যোৱা ১৫ দিনত লভিভ চহৰৰ পৰা এই ২০০টা মেকুৰী আৰু ৬০টা কুকুৰৰ জীৱন ৰক্ষা কৰিছে। এই কামৰ বাবে তেওঁ ১২ লাখ টকাৰ এখন গাড়ী বুক কৰিছিল আৰু জন্তুবোৰ লৈ আহিছিল। প্ৰতিবেদন অনুসৰি, যেতিয়া জাকুব পোলেণ্ডলৈ উভতি আহিছিল, তেতিয়া তেওঁ পাঁচ দিন টোপনি যোৱা নাছিল।