অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
ইছৰোৱে কাইলৈ পিএছএলভি-চি৫৩ উৎক্ষেপণ কৰিব-বড়ো সাহিত্য সভালৈ ৫ কোটি টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ-কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত থকা সভাৰ স্ক্ৰীণত চলিল অশ্লীল ভিডিও-ঐতিহাসিক শিৱদৌল প্ৰাংগণত 'যোগ উৎসৱ'ৰ আয়োজন-১ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-৪৪ বিলিয়ন মাৰ্কিন ডলাৰত টুইটাৰ ক্ৰয় কৰিলে এলন মাস্কে

ভাৰতৰ এটা ছুপাৰছনিক মিছাইল পাকিস্তানত পৰাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি

0

ভাৰতৰ এটা ছুপাৰছনিক মিছাইল (Super Sonic Missile) পাকিস্তান (pakistan)ত পৰাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। পাকিস্তানে অভিযোগ কৰে যে ভাৰতে দেশখনৰ বায়ুসীমাত অনধিকাৰ প্ৰবেশ কৰিছে। পাকিস্তানৰ সেনাৰ মেজৰ জেনেৰেল বাবৰ ইফটিকাৰে (Major General Babar Iftikhar) এক সংবাদমেলত অভিযোগ কৰিছিল যে ভাৰতৰ এটা ছুপাৰছনিক মিছাইল পাকিস্তানৰ ১২৪ কিলোমিটাৰ ভিতৰত পৰিছিল। এই ঘটনা সংঘটিত হৈছিল বুধবাৰে।

মিছাইলটো পাকিস্তানৰ খানেৱাল জিলাৰ মিয়া চান্নু এলেকাত পৰিছিল। এই ঘটনাৰ পিছতে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে বায়ু সীমা উলংঘাৰ অভিযোগ উত্থাপন কৰে। ইমানেই নহয়, ঘটনাক লৈ পাকিস্তানস্থিত ভাৰতীয় উচ্চায়ুক্তকো তলৱ কৰে পাক চৰকাৰে। ঘটনাটো পোহৰলৈ অহাৰ পিছতে ভাৰত চৰকাৰে শেহতীয়াকৈ স্পষ্টীকৰণ জাৰি কৰিছে। ভাৰত চৰকাৰে স্পষ্টকৈ জনাইছে যে কাৰিকৰী বিজুতীৰ বাবেই মিছাইলটো ফায়াৰ হৈছিল। ঘটনাক লৈ কোৰ্ট অ এনকোৱাৰীৰো আদেশ দিয়া হৈছে। ৯ মাৰ্চত ৰুটিন চেকআপৰ সময়ত টেকনিকেল বিজুটিৰ ফলত এই ঘটনা হৈছিল। সৌভাগ্যক্ৰমে এই মিছআইল ফাইৰিঙত কোনো লোক বা সম্পদৰ ক্ষতি হোৱা নাই।

Leave A Reply

Your email address will not be published.