১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব উচ্চতম মাধ্যমিক প্ৰথম বৰ্ষৰ পাঠদান
ৰাজ্যত লাহে লাহে স্বাভাৱিক হৈছে পৰিস্থিতি। কোভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ লগে লগে আঁতৰিছে বাধা-নিষেধ। ইতিমধ্যে ৰাজ্যৰ বিদ্যালয় সমূহলৈও উভতি আহিছে স্বাভাৱিক পৰিস্থিতি। যোৱা ২০ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হৈছে দশম শ্ৰেণীৰ পাঠদান। সেইদৰে চলি আছে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ আৰু স্নাতক চূড়ান্ত বৰ্ষৰো পাঠদান।
শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে, পৰিস্থিতি স্বাভাৱিক অৱস্থাত থাকিলে অহা ১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব উচ্চতম মাধ্যমিক প্ৰথম বৰ্ষ, নৱম আৰু স্নাতক প্ৰথম বৰ্ষৰ পাঠদান।
ইতিমধ্যে ৰাজ্যত আৰম্ভ হোৱা দশম শ্ৰেণীৰ পাঠদানৰ পূৰ্বে সকলো বিদ্যালয় চাফ-চিকুন কৰাৰ লগতে চেনিটাইজ কৰা হৈছিল। সেইদৰে জাৰি কৰা হৈছিল নতুন SOP। এতিয়া নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ হোৱাৰ পূৰ্বে ৰাজ্য চৰকাৰে কোন কোন দিশত নীতি-নিয়ম আৰোপ কৰে, সেয়া সময়তৰহে স্পষ্ট হ’ব।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, ‘ৰাজ্যখনলৈ যাতে স্ৱাভাৱিক জীৱনযাত্ৰা উভতি আহে তাৰ বাবে আমি কাম কৰিব খুজিছো। আৰু ইয়াৰ বাবে আমাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ হৈছে ভেকচিনেচন।’’ সকলো লোকক দুয়োপালি ভেকচিন ল’বলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।’