অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
বড়ো সাহিত্য সভালৈ ৫ কোটি টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ-কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত থকা সভাৰ স্ক্ৰীণত চলিল অশ্লীল ভিডিও-ঐতিহাসিক শিৱদৌল প্ৰাংগণত 'যোগ উৎসৱ'ৰ আয়োজন-১ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-৪৪ বিলিয়ন মাৰ্কিন ডলাৰত টুইটাৰ ক্ৰয় কৰিলে এলন মাস্কে-গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল

দুটা নৃশংস হত্যাকাণ্ডই জোকাৰি গ’ল ডিব্ৰুগড়

0

দুটা নৃশংস হত্যাকাণ্ডই জোকাৰি গ’ল ডিব্ৰুগড়। জিলাখনৰ ৰহমৰীয়া থানাৰ অন্তৰ্গত ধলাজান চাহ বাগিচাত শনিবাৰে সন্ধিয়া এই নৃশংস হত্যাকাণ্ড সংঘটিত হয়। প্ৰথমটো হত্যাকাণ্ড শোনিত তাঁতী নামৰ এজন ৩৫ বছৰীয়া লোকে সংঘটিত কৰে। নৃশংসতাৰ পৰিচয় দি তাঁতীয়ে এটি ৪ বছৰীয়া এটি শিশুক হত্যা কৰে। শনিবাৰে ঘৰৰ চোতালতে খেলি থকা অৱস্থাত ৪ বছৰীয়া শিশুটিক ডিঙি কাটি হত্যা কৰে শোনিত তাঁতীয়ে (Brutal Murder in Dibrugarh)।

এই ঘটনাই সৃষ্টি কৰা চাঞ্চল্যৰ মাজতে ৰাইজে শোনিত তাঁতীক ধৰি গণপ্ৰহাৰ কৰে। ক্ষুব্ধ ৰাইজৰ প্ৰহাৰত মৃত্যু হয় শোনিত তাঁতীৰ৷ ইয়াৰ পিছত অঞ্চলটোৰ ৰাইজে পথাৰৰ মাজতে খেৰেৰে জ্বলাই দিয়ে অভিযুক্ত শোনিত তাঁতীক। ঘটনাৰ বিষয়ে জানিব পাৰি ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ (Dibrugarh Police) লগতে ৰহমৰীয়া আৰক্ষী উপস্থিত হয়। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। সমগ্ৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।

Leave A Reply

Your email address will not be published.