উত্তৰ প্ৰদেশ চৰকাৰে ধৰ্মীয় অনুষ্ঠানৰ পৰা অবৈধভাৱে সংস্থাপিত লাউড স্পীকাৰ আঁতৰাই পেলায়
উত্তৰ প্ৰদেশ চৰকাৰে বুধবাৰপৰ্যন্ত ধৰ্মীয় অনুষ্ঠানৰ পৰা অবৈধভাৱে সংস্থাপিত হৈ থকা ১০,৯২৩টা লাউড স্পীকাৰ আঁতৰাই পেলায়। আৰু ইয়াৰ পৰিৱৰ্তে ৩৫,২২১টা লাউড স্পীকাৰৰ পৰা নির্গত হোৱা শব্দৰ তীব্ৰতা অনুমতি পোৱা পৰ্যায়লৈ হ্ৰাস কৰে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশ মতে দেশৰ সৰ্ববৃহৎ ৰাজ্যখনত সকলো ধৰ্মীয় অনুষ্ঠান–প্ৰতিষ্ঠানৰ পৰা লাউড স্পীকাৰ ব্যৱস্থা আঁতৰোৱা হৈছে। উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশ অনুসৰণ কৰি বুধবাৰ পর্যন্ত ৰাজ্যখনৰ ১২টা প্ৰশাসনিক মণ্ডলৰ পৰা ১০৯২৩টা লাউড স্পীকাৰ আঁতৰোৱা হ’ল বুলি সংবাদ মাধ্যমত সদৰী কৰিছে ৰাজ্যখনৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান প্ৰশান্ত কুমাৰে।
উল্লেখযোগ্য যে ৰাজধানী চহৰ লক্ষ্ণৌত সৰ্বাধিক ২৩৯৫টা মাইক আঁতৰোৱা হৈছে। ইয়াৰ পিছতে আছে যোগী আদিত্যনাথৰ গৃহ জিলা গোৰখপুৰ। গোৰখপুৰৰ পৰা প্ৰত্যাহাৰ হৈছে ১৭৮৮টা মাইক। শীর্ষ আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে, এই পদক্ষেপ গ্ৰহণ কৰাৰ পূৰ্বে আৰক্ষী–প্ৰশাসনে ৰাজ্যখনৰ ৩৭,০০০ধৰ্ম গুৰুৰে আলোচনা কৰি সহমতত উপনীত হৈ লৈছিল।