অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
বড়ো সাহিত্য সভালৈ ৫ কোটি টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ-কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত থকা সভাৰ স্ক্ৰীণত চলিল অশ্লীল ভিডিও-ঐতিহাসিক শিৱদৌল প্ৰাংগণত 'যোগ উৎসৱ'ৰ আয়োজন-১ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-৪৪ বিলিয়ন মাৰ্কিন ডলাৰত টুইটাৰ ক্ৰয় কৰিলে এলন মাস্কে-গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল

আজি প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বিৰুদ্ধে নেচনেল এছেম্বলীত অনাস্থা প্ৰস্তাৱৰ ওপৰত ভোটিং হ’ব

পাকিস্তানত (Pakistan) ইমৰাণ খান (Imran Khan) চৰকাৰৰ বাবে আজিৰ দিনটো নিৰ্ণায়ক হ’ব পাৰে। দেওবাৰে প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বিৰুদ্ধে নেচনেল এছেম্বলীত অনাস্থা প্ৰস্তাৱৰ ওপৰত ভোটিং হ’ব। ২০১৮ চনত প্ৰধানমন্ত্ৰীৰ আসনত বহা ইমৰাণ খানৰ বাবে এয়া এক ডাঙৰ প্ৰত্যাহ্বান। তেওঁৰ চৰকাৰক সংগ দিয়া কেইবাজনো সাংসদৰ উপৰি খোদ নিজৰ দলৰ কেইবাজনো নেতাই তেওঁৰ বিৰুদ্ধে ভোটদানৰ ইংগিত দিছে।

নিজৰ ক্ৰিকেট জীৱনত বহু গুগলীৰ মুখামুখি হোৱা ইমৰাণ খানে এইবাৰ ৰাজনীতিৰ পথাৰত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ক্ৰিকেটৰ নিপুন খেলুৱৈ ইমৰাণ খানে পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰি অন্তিম বললৈ বেটিং কৰাৰ ইংগিত দিছে। আজি পাকিস্তানৰ ৰাজনীতিয়ে কি গতি লয় সেয়া লক্ষণীয় হ’ব।

প্ৰধানমন্ত্ৰী ইমৰাণ খানক চৰকাৰ বৰ্তি থাকিবলৈ ৩৪২ সদস্যযুক্ত নেচনেল এছেম্বলীত ১৭২টা ভোটৰ প্ৰয়োজন। বিৰোধীয়ে পূৰ্বেই দাবী কৰিছে যে তেওঁলোকৰ ওচৰত ১৭৫জন সাংসদৰ সমৰ্থন আছে। চৰকাৰত ইমৰাণ খানৰ পাৰ্টী পাকিস্তান তেহৰিক–এ–ইনছাফৰ মুখ্য সহযোগী মুত্তাহিদা কৌমী মুভমেণ্ট পাকিস্তানে ফালৰি কাটিছে। প্ৰায় দুই দজন সাংসদে পূৰ্বেই ইমৰাণ খানৰ বিৰুদ্ধে ভোট দিয়াৰ সংকেত দিছে। ইমৰাণৰ নিজৰ দল পিটিআইৰ কেইবাজনো সাংসদেও তেওঁৰ বিপক্ষে যোৱাৰ সম্ভাৱনা আছে। ফলত অনাস্থা প্ৰস্তাৱৰ ভোটদানৰ পূৰ্বেই একপ্ৰকাৰ সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে ইমৰাণ খানে।

Leave A Reply

Your email address will not be published.