অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
বড়ো সাহিত্য সভালৈ ৫ কোটি টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ-কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত থকা সভাৰ স্ক্ৰীণত চলিল অশ্লীল ভিডিও-ঐতিহাসিক শিৱদৌল প্ৰাংগণত 'যোগ উৎসৱ'ৰ আয়োজন-১ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-ডিব্ৰুগড়ত পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতীৰ ধর্মালোচনী সভাত অংশগ্ৰহণ-৪৪ বিলিয়ন মাৰ্কিন ডলাৰত টুইটাৰ ক্ৰয় কৰিলে এলন মাস্কে-গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল

ঐতিহাসিক শিৱদৌল প্ৰাংগণত ‘যোগ উৎসৱ’ৰ আয়োজন

0

‘আজাদী কা অমৃত মহোৎসৱ’ৰ অংশ হিচাপে ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰণালয়ে অসম চৰকাৰৰ সহযোগত শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণত আজি আয়োজন কৰে ‘যোগ উৎসৱ’। ২১ জুনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ ৫০ দিনৰ ব্যৱধানৰে সংগতি ৰাখি ভাৰতৰ পৰ্যটন ক্ষেত্ৰৰ অন্যতম ‘আইকণিক’ স্থান শিৱসাগৰত আয়োজন কৰা হয় এই ৰাষ্ট্ৰীয় যোগ অনুষ্ঠানৰ।

এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ভাৰত চৰকাৰৰ আয়ুষ, পোতাশ্ৰয় আৰু জাহাজ পৰিবহণ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ভাৰত চৰকাৰৰ আয়ুষ, মহিলা আৰু শিশু বিকাশ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডাঃ মহেন্দ্ৰ মুঞ্জাপাৰাৰ লগতে অসম চৰকাৰৰ মন্ত্ৰীসকল আৰু ৫০০ৰো অধিক অতিথি। এই যোগ উৎসৱত অংশ লয় বিভিন্ন ক্ষেত্ৰৰ ৭০০০ৰো অধিক লোকে।

এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, ‘‘যোগ দিৱস বিশেষভাৱে আয়োজন কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে আহ্বান জনাইছিল। এইবাৰ যোগ দিৱসৰ অষ্টম বছৰ হ’ব।স্বাধীনতাৰ ৭৫ বছৰত ভাৰতে গৌৰাৱান্বিত কামসমূহ সোঁৱৰণ কৰিব লাগে। পৰ্যটন ক্ষেত্ৰসমূহৰ গুণানুকীৰ্তন কৰি সকলোৰে আগত ডাঙি ধাৰাৰ প্ৰয়াস কৰিব লাগে। এই যোগ দিৱসৰ জড়িয়তে শিৱসাগৰৰ গুৰুত্ব আৰু কৰ্তব্য ডাঙি ধৰাৰ প্ৰয়াস কৰিব লাগে। এই অনুষ্ঠানটো নিষ্ঠাৰে সকলো কাম সম্পন্ন কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে নিজে সকলোকে নিৰ্দেশ প্ৰদান কৰিছে। সুস্বাস্থ্যৰ গৰাকী হৈ থাকিবলৈ হ’লে যোগ প্ৰয়োজন।’’

আনহাতে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘অহা ২১ জুনত বিশ্ব যোগ দিৱস। এইবাৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱ আয়োজন কৰা হৈছে। ১০০ দিন থকা অৱস্থাত লালকিল্লাত এই অনুষ্ঠানৰ আয়জন কৰা হৈছিল। যোগ দিৱসলৈ ৫০ দিন বাকী থকা অৱস্থাত এই অনুষ্ঠান শিৱসাগৰত আয়োজন কৰা হৈছে। যোগক প্ৰধানমন্ত্ৰীয়ে বিশ্ব দৰবাৰত দাঙি ধৰাৰ বাবে চেষ্টা কৰি আহিছে। যোগ দিৱসৰ প্ৰসংগিতা দৈনিক বৃদ্ধি হৈ আহিছে।’’

মুখ্যমন্ত্ৰীয়ে কয়, সৰুৰে পৰা যোগৰ নিয়মিত অভ্যাসে মেধাৰ পৰিচয় দিয়ে। যুৱ সমাজক মদ, ড্ৰাগছৰ পৰা আঁতৰাই ৰাখিব লাগিলে যোগ প্ৰয়োজন। যোগৰ জৰিয়তে উইল পাৱাৰ বৃদ্ধি কৰে। সদায় সন্তানক যোগৰ অভ্যাস কৰাবলৈ অভিভাৱকসকলক আহ্বান মুখ্যমন্ত্ৰীৰ।

Leave A Reply

Your email address will not be published.